প্ৰস্তাৱনা সংখ্যা…..
বাল্মীকি/অগস্ত্য
বৰুৱা
জ্ঞানৰ
সাগৰত ডুব দি
কোন আহিলা তুমি দ্বিজৰাজ
কোন আহিলা তুমি দ্বিজৰাজ
অন্ধকাৰ
কোঠালিত বোকাত লেটি লৈ
সুৰামত্ত অৱস্থাত তোমাক দেখা মনত পৰে
সুৰামত্ত অৱস্থাত তোমাক দেখা মনত পৰে
ৰঙাঘৰত
লগ পাওঁতে
তোমাৰ কাহিনী শুনা মনত পৰে
তোমাৰ কাহিনী শুনা মনত পৰে
তোমাৰ
অস্ত্ৰাঘাটত আহত সেই মানুহজন
আজি শয্যাগত
আজি শয্যাগত
তুমি
দেউলীয়া কৰা মালিকজনে
আত্মহত্যা কৰা বহুদিনেই হ'ল
আত্মহত্যা কৰা বহুদিনেই হ'ল
কোনখন
জ্ঞানৰ সাগৰত
ডুব দি আহিছা তুমি
ডুব দি আহিছা তুমি
হে
দ্বিজৰাজ !
তোমাৰ
আগৰ ৰূপহে
দেখোন মোৰ মনত পৰে
দেখোন মোৰ মনত পৰে
সঁচাকৈয়ে
হ'ব পাৰিবানে তুমি বাল্মীকি !!
চিনাকি
পথাৰখনত অচিনাকি মুখ
মোৰ শৈশবৰ স্মৃতি ৰোমন্থনৰ বেলিকা
কাহানিও বাদ নপৰে পথাৰখন
য’ত লৰি-ঢাপৰি ,হাঁহি-ধেমালি কৰি
দেহ-মন উজাৰি দি
সোণগুটি চপাইছিলো ৷
এতিয়া তাত ভদীয়া কাইটিয়ে হাল নোজোৰে
কণপোণাই গৰু নচৰায়
তগৰ,মালতী, চেনীমাইহঁতে খিটখিটাই হাঁহি হাঁহি
ভুঁই নোৰোৱে, ধানো নাদায় ৷
পথাৰৰ মাজে মাজে দেখা সৰু সৰু পঁজাবোৰ
কাটাতাঁৰৰ বেৰ পাৰ হৈ অহা
ইছমাইলশেখহঁতৰ হেনো ,
উদাৰ অসমীয়াই থাপিছে,
পথাৰত চলিছে ট্ৰেক্টৰ আৰু পাম্পচেট
ৰজাঘৰেও হাত উজান দিছে ৷
পথাৰত অচিনাকি মুখ
বিচাৰি ফুৰিলো বোলো
আমাৰ ভদীয়া কাইটিহঁতনো ক’ত ?
জানি পালো বৰ দুখ
মাটি কেইডৰা বন্ধকত দি
লৈ আছে কলাঘুমটিৰ সুখ ৷
............. কংকনা বৰুৱা
অবোধ
নৈ
হৃদয়ৰ আবৰণেৰে
তোমাক হৃদয়ত ৰাখিব পৰা হ'লে
মোৰ হৃদয় আজি তোমাৰ বাবে
হৃদয়হীন নহলহেতেন......
তোমাৰ প্ৰতাৰণাত আজি
মই
প্ৰতাৰিত প্ৰেমিক......
হৃদয়খন যদি ধুৱাই দিব পাৰিলো হয়
তোমাৰ কলিজাত
কলিজা ভঙা তেজ আজি
আঁচুৰিব নালাগিল হয়...........|
হৃদয়ৰ আবৰণেৰে
তোমাক হৃদয়ত ৰাখিব পৰা হ'লে
মোৰ হৃদয় আজি তোমাৰ বাবে
হৃদয়হীন নহলহেতেন......
তোমাৰ প্ৰতাৰণাত আজি
মই
প্ৰতাৰিত প্ৰেমিক......
হৃদয়খন যদি ধুৱাই দিব পাৰিলো হয়
তোমাৰ কলিজাত
কলিজা ভঙা তেজ আজি
আঁচুৰিব নালাগিল হয়...........|
--- নয়নমণি
ৰাজবংশী
দীপাংকৰপাঠক
অশ্ৰুৰ
নৈত
আজিও লুটি -বাগৰ মাৰে
তুমিহীনতাৰ দুখ
কাৰ্য্যত:
এতিয়াও যে তুমি মোৰ
হৃদয়ৰ একমাত্ৰ
অসুখ…
বোধিবৃক্ষ/নিতুল পাটোৱাৰী
অপ্ৰাপ্তিৰ চাকনৈয়াত দিশহাৰা হ'লে
লক্ষ্যেৰে পালতৰা জীৱননৌকা
আত্মতুষ্টিৰ মৰীচিকা খেদি নুফুৰি
অসীমৰ নীলিম দিগন্তৰেখাৰে জুখিব পাৰি
কিমান নিলগত বিয়পে প্ৰাপ্তিৰ সাগৰ..৷
তিক্ততাৰে ভাৰাক্ৰান্ত হ'লে জীৱন
আত্মহনন-পথত মুক্তি নিবিচাৰি
প্ৰিয়জনৰ চকুৰ আশ্বাসতে পাব পাৰি
জীয়াই থকাৰ সমল..৷
উচ্চাকাংক্ষাৰ ৰাগীত মতলীয়া হ'লে মন
মৰিশালিত এনিশা কটাই চাব পাৰি
নিমিষতে কিদৰে জাহ যায়
আকাশলংঘী অট্টালিকাত থকাৰ সপোন..৷
প্ৰতাৰণাৰ আঁচোৰত মৰহিলে আশাবোৰ
মদিৰাৰ পিয়লাত চুমুক নিদিয়াকৈ
মধুৰ স্মৃতিবোৰ ভালদৰে আস্বাদি
অনুভৱ কৰিব পাৰি,
কিমান ৰসাল এই জীৱন..৷
আকাশকাশ্যপ
আই
কিয় কান্দি আছা!
চিপচিপকৈ এই দোভাগ নিশা।
আছে নেকি বুকুত
এখনি ফটা কলিজা!
নেকান্দিবি আই
তই কান্দিলে মই বৰ ভয় খাওঁ
কিজানিবা
কামাখ্যালৈ অহা যাত্রীসকলক উটুৱাই নিয়
মহাবাহুৱেদি৷
শুই থাক৷
অনুভৱৰ
বৰদিন
হাতত মোৰ মাত্ৰ এমাহ সময় ।
তোমাৰ আৰু মোৰ প্ৰেমৰ বৰদিন আহি আছে ।
তুমি জানো পাহৰিলা প্ৰিয়া ?
যোৱাবাৰৰ বৰদিনত উন্মোচিত হৈছিল তোমৰ আৰু মোৰ প্ৰেমৰ "মুকলি আকাশ" !
সেই যে দে'ও লগা ৰাধাচ'ৰাৰ তলত,
সেই দিনা জোনাকৰ পোহৰ বাৰু কিয় গুলপীয়া হৈছিল ?
তোমাৰ সেন্দুৰীয়া আচলে জোনাকক ঢাকি ধৰিছিল ,
আৰু ..........
কলপতীয়া সেই চাঁদৰৰ গোন্ধ,
এতিয়াও মোৰ নাকত লাগি আছে !
মিঠা জোনাকৰ বগা দলিচাত ,
বাগৰি বাগৰি তুমি মোক বৰদিন যাচিছিলা ।
তুমি জানানে ?
নিয়ৰৰ টোপালবোৰ তোমাৰ পিঠিত লাগিয়েই আছিল ।
এইবাৰ বৰদিনত আহিবানে ?
জানো মই !
তুমি নাহিলেও খিৰিকীৰে মোক জুমি জুমি চাবা !
কাৰণ তুমিও মোক ভাল পাইছিলা !
ইমৰাণ হুছেইন আল আমীন
হাতত মোৰ মাত্ৰ এমাহ সময় ।
তোমাৰ আৰু মোৰ প্ৰেমৰ বৰদিন আহি আছে ।
তুমি জানো পাহৰিলা প্ৰিয়া ?
যোৱাবাৰৰ বৰদিনত উন্মোচিত হৈছিল তোমৰ আৰু মোৰ প্ৰেমৰ "মুকলি আকাশ" !
সেই যে দে'ও লগা ৰাধাচ'ৰাৰ তলত,
সেই দিনা জোনাকৰ পোহৰ বাৰু কিয় গুলপীয়া হৈছিল ?
তোমাৰ সেন্দুৰীয়া আচলে জোনাকক ঢাকি ধৰিছিল ,
আৰু ..........
কলপতীয়া সেই চাঁদৰৰ গোন্ধ,
এতিয়াও মোৰ নাকত লাগি আছে !
মিঠা জোনাকৰ বগা দলিচাত ,
বাগৰি বাগৰি তুমি মোক বৰদিন যাচিছিলা ।
তুমি জানানে ?
নিয়ৰৰ টোপালবোৰ তোমাৰ পিঠিত লাগিয়েই আছিল ।
এইবাৰ বৰদিনত আহিবানে ?
জানো মই !
তুমি নাহিলেও খিৰিকীৰে মোক জুমি জুমি চাবা !
কাৰণ তুমিও মোক ভাল পাইছিলা !
ইমৰাণ হুছেইন আল আমীন
এজন ল'ৰাৰ
সাধু/
সেই চিলা সজা ল'ৰাজনযে
তাৰ কথাবোৰো কবিতা কবিতা লগা
কথাবোৰহে দেই!
সেই চিলা সজা ল'ৰাজনযে
তাৰ কথাবোৰো কবিতা কবিতা লগা
কথাবোৰহে দেই!
কবিতাত সি এজন সফল চফল ডেকা
ফু মাৰি আতঁৰাব পাৰে দুখ আৰু বঞ্ছনা
বেলিকো হাজিৰ কৰাব পাৰে নিজা মৰ্জিৰেই
আহতৰ আন্ধাৰ পখালি নিয়াৰ বাবে
'শত্ৰু -মিত্ৰৰ অন্তৰ বিশ্বাসেৰে জিনা'
ল'ৰাজনো হেনো সিয়েই
চল পালেই মন আস্তাবলৰ
ৰণুৱা ঘোঁৰা পাখি লগাই উৰে...
ফু মাৰি আতঁৰাব পাৰে দুখ আৰু বঞ্ছনা
বেলিকো হাজিৰ কৰাব পাৰে নিজা মৰ্জিৰেই
আহতৰ আন্ধাৰ পখালি নিয়াৰ বাবে
'শত্ৰু -মিত্ৰৰ অন্তৰ বিশ্বাসেৰে জিনা'
ল'ৰাজনো হেনো সিয়েই
চল পালেই মন আস্তাবলৰ
ৰণুৱা ঘোঁৰা পাখি লগাই উৰে...
কথাবোৰ কবিতাৰ নিচিনা হোৱা হ'লে!
------কৌশিক বাস্যস
No comments:
Post a Comment